ধেমাজিৰ দুটা বটলিং প্লান্ট চীল কৰিলে প্ৰশাসনে

By

Published : Sep 1, 2022, 10:51 PM IST

thumbnail

BIS প্ৰমান পত্ৰ নথকা বাবে ধেমাজিত বৃহস্পতিবাৰে দুটা খোৱাপানীৰ প্লান্টত প্ৰশাসনে ওলোমালে তলা ৷ প্ৰয়োজনীয় প্ৰমান পত্ৰ অবিহনে দীৰ্ঘদিন ধৰি প্ৰশাসনৰ চকুত ধূলি চলাই আহিছিল ৰমৰমীয়া ব্যৱসায়(Dhemaji administration sealed drinking water plant ) ৷ যাৰ বাবে ধেমাজি জিলা উপায়ুক্তৰ নিৰ্দেশ মতে আজি হাতীগড় দিগন্ত গগৈৰ "ধেমাজি খোৱাপানী" আৰু এৰাঢলৰ 3 নং ৱাৰ্ডৰ বাসিন্দা হেমন্ত দত্তৰ বাসগৃহত স্থাপন কৰা "সোৱণশিৰি একুৱা" নামৰ খোৱাপানীৰ প্লান্টত যোগান বিভাগে অভিযান চলায়(Mineral Water Plant in Dhemaji) ৷ যোগান বিভাগে দণ্ডাধীশৰ উপস্থিতিত খোৱাপানী প্লান্ট দুটাত তলা লগাই চীল কৰি দিয়াৰ লগতে বিদ্যুৎ সংযোগো বিচ্ছিন্ন কৰি দিয়ে ৷ এইক্ষেত্ৰত সংশ্লিষ্ট বিষয়াই জানিব দিয়া মতে Bureau of Indian Standards Certification Mark(BIS)প্ৰমান পত্ৰ নথকা বাবে এই Factory দুটা বন্ধ কৰি দিয়া হয় ৷ ধেমাজি জিলাত এনেদৰে ব্যৱসায় চলাই থকা আৰু ৮ টা খোৱাপানীৰ ফেক্টৰীত প্ৰশাসনে চলাব অভিযান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.