নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়মৰ অভিযোগ

By

Published : May 28, 2022, 6:39 PM IST

Updated : May 28, 2022, 11:01 PM IST

thumbnail

ৰাজ্যত যেন এতিয়া দুৰ্নীতিয়ে পোহাৰ মেলিছে ৷ এইবাৰ দুৰ্নীতি তথা অনিয়মৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে(Corruption in Nagaon Zilla Parishad) ৷ অভিযোগ অনুসৰি, নীতি বহিঃৰ্ভূতভাৱে জিলা পৰিষদৰ পুঁজি বিতৰণ কৰা হৈছে (Allegations of dispersal of Nagaon Zilla Parishad funds externally) । সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে জিলা পৰিষদৰ সদস্য দীপিকা শইকীয়াই ৷ আনকি নগাঁও জিলা পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে কেইবাগৰাকী সদস্য একগোট হৈ গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তক এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে । অৱশ্যে জিলা পৰিষদত সংঘটিত এনে দুৰ্নীতিৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তগৰাকীয়ে । ই টি ভি ভাৰতৰ সন্মুখত এই তথ্য সদৰী কৰে নগাঁৱৰ পাখিমৰিয়া জিলা পৰিষদৰ সদস্য দীপিকা শইকীয়াই ৷

Last Updated : May 28, 2022, 11:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.