মই জীৱনত কেতিয়াও ইমান লাজ পোৱা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 10, 2022, 2:20 PM IST

thumbnail

আৰক্ষীৰ ওচৰত ন্যায় নাপাই আত্মহত্যা কৰা ডিব্ৰুগড়ৰ শনি মন্দিৰ পথৰ বিনীত বাগাৰীয়াৰ (Vineet Bagaria Suicide Case ) বাসগৃহত শনিবাৰে উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাৰ বুজ লয় (CM visited late Vineet Bagaria house in Dibrugarh)। প্ৰায় আধা ঘন্টা ধৰি পৰিয়ালৰ অভিযোগ শুনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধমক দি কেনেকৈ মাহিলী দৰমহা লৈ আছে বুলি প্ৰশ্ন কৰে ৷ লগতে এই ঘটনাৰ বাবে লাজ পোৱা পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma on Vineet Bagaria Suicide Case) ৷ উল্লেখ্য যে, বিনীত বাগাৰীয়া নামৰ যুৱকজনক তেওঁলোকৰ ভাড়াতীয়া সঞ্জয় শৰ্মা, তেওঁৰ সংগী বাদ্দুলা খান, আজীজ খান আৰু নিশান্ত শৰ্মাই ভাবুকি দি অহা ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ পৰিণতিত নিৰাপত্তাহীনতাত ভুগি বৃহস্পতিবাৰে সন্ধিয়া আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়া (29) নামৰ পশুপ্ৰেমী যুৱকজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.