ETV Bharat / politics

কেজৰিৱাল ডাঙৰ গুণ্ডা; দুৰ্নীতিগ্ৰস্ত লোকৰ গোট ইণ্ডি মিত্ৰজোঁট: জেপি নাড্ডা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:04 PM IST

JP NADDA SLAMS INDIA: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই হাৰিয়ানাৰ কৰ্ণাল আৰু কাইথালত উপস্থিত হৈ বিৰোধীক আক্ৰমণ কৰে । জে পি নড্ডাই কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এজন বিখ্যাত গুণ্ডা । ইণ্ডি মিত্ৰজোঁট হৈছে দুৰ্নীতিগ্ৰস্ত লোকৰ সমাৱেশ। কোনোবা জামিনত, কোনোবা জেলত আছে । একে সময়তে আম আদমী পাৰ্টিৰ চৰিত্ৰও সকলোৰে সন্মুখত আহিছে ।

JP NADDA SLAMS INDIA
BJP PRESIDENT JP NADDA IN HARYANA (ETV Bharat)

নিউজ ডেস্ক, 19 মে’: দেওবাৰে হাৰিয়ানাৰ কৰ্ণাল আৰু কাইথালত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । নিৰ্বাচনী প্ৰচাৰ চলাই জে পি নাড্ডাই বিৰোধী দলক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে ইণ্ডি মিত্ৰজোঁট হৈছে দুৰ্নীতিগ্ৰস্ত লোকৰ সমাৱেশ । ইয়াৰ কোনোবা জামিনত, কোনোবা জেলত আছে । লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ প্ৰশংসা কৰি তেওঁ কয় যে আজি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ ৮০ কোটি জনসাধাৰণে বিনামূলীয়া ৰেচন লাভ কৰিছে আৰু ২৫ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিছে । অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি কয় যে কেজৰিৱাল এজন বিখ্যাত গুণ্ডা ।

"ইণ্ডি মিত্ৰজোঁটত দুৰ্নীতিগ্ৰস্ত লোকৰ সমাগম": হাৰিয়ানাৰ কাইথালত বিজেপিৰ বিজয় সংকল্পৰ সভাত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কুৰুক্ষেত্ৰৰ বিজেপি প্ৰাৰ্থী নবীন জিন্দলক ভোট দিবলৈ কয় । এই সময়ছোৱাত তেওঁৰ সৈতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব সিং ছাইনীও উপস্থিত আছিল । ভাষণ প্ৰসংগত জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিৰ সংস্কৃতি সলনি হৈছে ।

আগতে দেশৰ মানুহে ভাবিছিল যে দেশত একো সলনি নহ'ব কিন্তু আজি দেশৰ পৰিস্থিতি সলনি হৈছে ৷ আজি দেশত জবাবদিহিতাৰ ৰাজনীতি চলিছে । বিৰোধীক আক্ৰমণ কৰি তেওঁ ইণ্ডি মিত্ৰজোঁটক অহংকাৰী মিত্ৰতা বুলি অভিহিত কৰে । ইয়াৰ মাজতে তেওঁ আম আদমী পাৰ্টিক সমালোচনা কৰি কয় যে যিসকলে আগতে কংগ্ৰেছৰ বিৰুদ্ধে বক্তব্য দিছিল আৰু জেললৈ পঠিয়াম বুলি কৈছিল, আজি তেওঁলোকক আঁকোৱালি লৈছে । এই মানুহবোৰ স্বাৰ্থপৰতাৰ বাবে একত্ৰিত হৈছে ।

লগতে পঢ়ক: মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিয়ে সহায় কৰিব নেকি বিজেপিক ! - Lok Sabha election 2024

তেওঁ কয় যে ইণ্ডি মিত্ৰজোঁট হৈছে দুৰ্নীতিগ্ৰস্ত লোকৰ সমাৱেশ । কোনোবা জামিনত, কোনোবা জেলত আৰু সকলোৱে গম পাইছে আম আদমী পাৰ্টিৰ চৰিত্ৰ কি । স্বাতী মালিৱাল গোচৰ সন্দৰ্ভত ভাষণ দি তেওঁ কয় যে যিসকল লোকে আগতে নাৰীৰ প্ৰতি সন্মানৰ কথা কৈছিল, এতিয়া ক’তো নাৰীৰ প্ৰতি সন্মান দেখা নাপায় ।

"২৫ কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিল": জে পি নড্ডাই প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গাঁও, দুখীয়া, শোষিত, দলিত, বঞ্চিত, জনজাতীয়, কৃষক, যুৱক, মহিলাকে ধৰি সকলোৱে শক্তি পাইছে । প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ জৰিয়তে ৮০ কোটি লোকে লাভ কৰিছে বিনামূলীয়া ৰেচন । আজি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২৫ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিছে । আজি ভাৰতত চৰম দৰিদ্ৰতা এক শতাংশতকৈও কমলৈ হ্ৰাস পাইছে । ৰাজনীতি, কৰ্মশৈলী, আচৰণ আৰু চৰিত্ৰৰ সংস্কৃতি সলনি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

"দেশত ৯৭ শতাংশ মোবাইল নিৰ্মাণ কৰা হৈছে": কৰ্ণালত আয়োজিত নাগৰিক সন্মিলনত ভাষণ দি জে পি নাড্ডাই কয় যে ১০ বছৰ পূৰ্বে ৰাইজৰ মাজত হতাশাৰ অনুভৱ হৈছিল যে, দেশত একো সলনি নহয় কিন্তু আজি সেয়া নহয় ৷ আগতে জোৱানসকলে সীমান্তত উপস্থিত হ’বলৈ কেইবাদিনো সময় লাগিছিল । কিন্তু আজি মাত্ৰ ডেৰ দিনত সীমান্তত উপস্থিত হয় সেনা ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি চৰকাৰ অহাৰ পিছত কোনো খৰচ নোহোৱাকৈয়ে চাকৰিৰ ব্যৱস্থা কৰা হৈছে । ১০ বছৰ আগতে ভাৰতক পিছপৰা দেশ বুলি কোৱা হৈছিল যদিও আজি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশৰ ভিতৰত গণ্য কৰা হৈছে । আজি ভাৰত তীখা উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হৈছে ।

‘‘আগতে আমি ৯২ শতাংশ মোবাইল বাহিৰৰ পৰা আমদানি কৰিছিলোঁ, কিন্তু আজি ৯৭ শতাংশ মোবাইল ভাৰতত নিৰ্মাণ হৈ আছে । ১০ বছৰ আগতে মোবাইলত লিখা হৈছিল – মেড ইন চাইনা, মেড ইন জাপান, মেড ইন টাইৱান, মেড ইন কোৰিয়া আৰু আজি মোবাইলত লিখা হৈছে – মেড ইন ইণ্ডিয়া । আজি আমি ঔষধ নিৰ্মাণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছোঁ । আজি ভাৰতত সস্তা আৰু ফলপ্ৰসূ ঔষধ তৈয়াৰ কৰা হৈছে ।’’ নাড্ডাই কয় ৷

আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত আজি প্ৰতিজন দৰিদ্ৰক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে । কেৱল এয়াই নহয়, ৭০ বছৰৰ ওপৰৰ লোকেও এতিয়া ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব ।

লগতে পঢ়ক: আপক ধ্বংস কৰিবলৈ বিজেপিয়ে আৰম্ভ কৰিছে অপাৰেশ্যন ঝাড়ু: কেজৰিৱাল - AAP protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.