ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত জয়পুৰৰ দম্পতী; চৰকাৰক পৰিয়ালৰ বিশেষ আবেদন - Terrorist attacks

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:08 PM IST

Terrorist attacks: কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৰাজস্থানৰ পৰ্যটক দম্পতীৰ পৰিয়ালে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দিল্লীলৈ বিমানেৰে লৈ যাবলৈ আৰু তেওঁলোকক এইমছত ভৰ্তি কৰিবলৈ আহ্বান জনাইছে । শনিবাৰে বাইকত অহা দুই আক্ৰমণকাৰীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰিছিল ।

Terrorist attacks
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত জয়পুৰৰ দম্পতী (ETV Bharat)

নেশ্যনেল ডেস্ক,১৯ মে': জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । শনিবাৰে নিশা ইয়ান্নাৰ অঞ্চলত ৰাজস্থানৰ জয়পুৰৰ এক দম্পতী সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় । এই খবৰ পোৱাৰ লগে লগে ভুক্তভোগী দম্পতীৰ পৰিয়ালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । পৰিয়ালটোৱে ভুক্তভোগী দম্পতীৰ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে । বাৰামুলাত লোকসভা নিৰ্বাচনৰ দুদিন পূৰ্বে অনন্তনাগৰ জয়পুৰৰ পৰ্যটক দম্পতীটো আহত হয় । আনহাতে আন এটা আক্ৰমণত শ্বপিয়ানত এগৰাকী প্ৰাক্তন চৰপঞ্চ নিহত হয় ।

আক্ৰমণটোৰ পিচতে জয়পুৰৰ পাঠান চকৰ পৰা ভুক্তভোগী দম্পতীটোৰ পৰিয়ালে ইটিভি ভাৰতৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তাব্ৰেজৰ পিতৃ আছলাম খানে কয় যে তেওঁৰ পুত্ৰ আৰু বোৱাৰী প্ৰায় ৫০ জনীয়া পৰ্যটকৰ এটা দলৰ সৈতে কাশ্মীৰলৈ গৈছিল । পেহেলগাম ভ্ৰমণ কৰাৰ পিচত তেওঁলোকে শনিবাৰে সন্ধিয়া ইয়ান্নাৰৰ এটা ৰিজৰ্টত নিশা আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল । সেই সময়তে বাইকত অহা দুই আক্ৰমণকাৰীয়ে গুলীচালনা কৰে । য'ত পুত্ৰ আৰু বোৱাৰী আঘাতপ্ৰাপ্ত হয় । বোৱাৰী ফাৰহাৰ অৱস্থা সুস্থিৰ যদিও তাব্ৰেজৰ অৱস্থা সংকটজনক বুলি তেওঁ উল্লেখ কৰিছে ।

আক্ৰমণৰ পিচত দুয়োকে ততাতৈয়াকৈ অনন্তনাগ চিকিৎসালয়লৈ লৈ যোৱা হয় । পৰিয়ালটোক জনোৱা হৈছিল যে তাব্ৰেজৰ নিশা প্ৰায় ৩ বজাত অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু আইচিইউত ৰখা হৈছিল । যাৰ বাবে পৰিয়ালটো চিন্তিত হৈ পৰিছে । পৰিয়ালটোৱে তেওঁলোকক বিমানেৰে দিল্লীলৈ লৈ যাবলৈ আৰু উন্নত চিকিৎসাৰ বাবে এইমছত ভৰ্তি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

ইয়াৰ পূৰ্বে শনিবাৰে নিশা জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনাইছিল যে আক্ৰমণটো সংঘটিত হোৱা অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে তালাচীও চলাই আছে ।

উল্লেখ্য যে অনন্তনাগ-ৰাজৌৰীত সংসদীয় নিৰ্বাচনৰ বাবে প্ৰচাৰ চলি থকা সময়তে এটাৰ পিচত আনটো আক্ৰমণ সংঘটিত হৈছে । যাক লৈ জম্মু-কাশ্মীৰৰ সাধাৰণ ৰাইজ শংকিত হৈ পৰিছে ।

লগতে পঢ়ক :শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা, বিজেপিৰ তীব্ৰ গৰিহণা - BJP Leader Killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.