সাৱধান: ATM ৰ বাহিৰত বিপদে অপেক্ষা কৰিব পাৰে আপোনালৈ !

By

Published : Jun 6, 2022, 7:43 PM IST

thumbnail

TM ৰ পৰা টকা উলিয়াওতে সাৱধান হওক আপুনি । টকা উলিয়াবলৈ ATM লৈ গৈ সর্বস্বান্ত হ’ব পাৰে আপুনি । ATM ত অচিনাকি লোকক আপোনাৰ ATM Card ৰ পৰা ধন উলিয়াবলৈ দিয়ে নেকি আপুনি ? ATM ত অচিনাকি লোকক আপোনাৰ ATM কাৰ্ডখন দিয়াৰ আগতে এশবাৰ ভাৱক (ATM fraud case)। ATM-ত অচিনাকি লোকক ধন উলিয়াবলৈ দি বিপদত পৰিল গুৱাহাটীৰ এজন জ্যেষ্ঠ নাগৰিক । দেওবাৰে সন্ধিয়া মহানগৰীৰ ডাউন টাউনত সংঘটিত হৈছে এই ঘটনা । উমেশ চন্দ্ৰ বৰা নাম জেষ্ঠ নাগৰিকজনে দেওবাৰে সন্ধিয়া নাতিয়েকক লগত লৈ ডাউন টাউনত থকা ATM এটালৈ গৈছিল । ইয়াৰ পিছত ATM ত থকা তিনিজনীয়া যুৱকৰ দলে জ্যেষ্ঠ নাগৰিকজনক সহায় কৰাৰ চলেৰে ATM কাৰ্ডখন সাল-সলনি কৰি লৈ যায় (ATM fraud in Guwahati) । ATM খনৰ পৰা ৫০ হাজাৰ টকা উলিওয়াৰ লগতে বৰপেটাৰ এম ষ্টোৰলৈ ৭৫ হাজাৰ টকা একাউন্ট ট্ৰান্সফাৰ কৰে দুষ্ট চক্ৰটোৱে । ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । গতিকে কোনো অজ্ঞাত লোকৰ পৰা এনে সহায় লোৱাৰ আগতে আপুনিও ভাৱক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.