বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাটো অতি দুৰ্ভাগ্যজনক: জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By

Published : Sep 26, 2022, 8:38 AM IST

thumbnail

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP reaction to hike in power tariff) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ নেতা প্ৰবিত্ৰ বৰাই কয়, যি কাৰণতেই নহওক কিয় বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাটো অতি দুৰ্ভাগ্যজনক (Abnormal power tariff hike) । কৃষক, সাধাৰণ ব্যৱসায় কৰা, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা লোকসকলৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে(APDCL electricity bill hike reason) । তেওঁ লগতে কয় যে, এইসকল লোকৰ সুবিধা হোৱাকৈ চৰকাৰে যি ভুমিকা গ্ৰহণ কৰিব লাগিছিল সেইয়া কৰা নাই(APDCL per unit electricity rate) । বৰঞ্চ কিছু মন্ত্ৰী বিধায়কে এই বিষয়ক লৈ কিছু তুলুঙা মন্তব্য কৰাহে দেখা গৈছে, যিটো সাধাৰণ খাটি খোৱা লোক সকলৰ বাবে অতি দুৰ্ভাগ্যজনক কথা । অতি সোনকালে চৰকাৰ তথা শক্তি বিভাগে বিদ্যুতৰ মাচুল হ্ৰাস কৰি এইসকল লোকক সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিলে যুৱ ছাত্ৰ পৰিষদৰ নেতাজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.