আজি বিশ্ব ফিজিঅ'থেৰাপি দিৱস

By

Published : Sep 8, 2020, 8:09 PM IST

thumbnail

সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে নিয়মিত শৰীৰ চৰ্চাৰ গুৰুত্ব অধিক ৷ ফিজিঅ অৰ্থাৎ শাৰিৰীক আৰু থেৰাপি অৰ্থাৎ চিকিৎসা শব্দৰ পৰাই এই ফিজিঅ'থেৰাপি শব্দটো আহিছে ৷ এই ফিজিঅ'থেৰাপিৰ জৰিয়তে ব্যায়মৰ মাধ্যমেৰে শৰীৰ স্বাস্থ্যসেৱা প্ৰদান কৰা হয়৷ প্ৰতিবছৰে ৮ ছেপ্টেম্বৰৰ দিনটো বিশ্ব ফিজিঅ’থেৰাপি দিৱস হিচাপে পালন কৰা হয় ৷ সাম্প্ৰতিক সময়ত ৰাইজৰ মাজত বৃদ্ধি পোৱা ভিন্ন অস্থিৰ ৰোগ, বিষৰ সমস্যা সমাধানত ফিজিঅ’থেৰাপিয়ে বিশেষভাৱে গুৰুত্ব আৰ্জন কৰিছে ৷ ফিজিঅ’থেৰাপিৰ দ্বাৰা বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি ৷ আজি বিশ্ব ফিজিঅ’থেৰাপি দিৱসৰ বিশেষ দিনটোত ফিজিঅ' থেৰাপিষ্ট ডাঃ কুকি বৰদলৈয়ে ফিজিঅথেৰাপিষ্টৰ সু প্ৰভাৱৰ কথা উল্লেখ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.