Drugs Peddler Caught : যাত্ৰীবাহী বাছত নিষিদ্ধ ড্ৰাগছসহ আটক দুজন

By

Published : Nov 27, 2021, 2:31 PM IST

thumbnail

অসমত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug campaign continues in Assam) ৷ শুকুৰবাৰে কোচবিহাৰৰ পৰা ধুবুৰী বাছ আস্থানত উপস্থিত হোৱা এখন যাত্ৰীবাহী বাছত চলিল আৰক্ষীৰ অভিযান ৷ পশ্চিমবংগৰ কোচবিহাৰৰ পৰা যাত্ৰীবাহী বাছত সৰবৰাহ মাৰাত্মক ড্ৰাগছ । এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই এখন AS-17 B-3090 নম্বৰৰ যাত্ৰীবাহী বাছত । বাছখনৰ পৰিচালক আক্কাছ আলী ওৰফে ৰাহুলক এশ টকাৰ বিনিময়ত ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ টোপোলা দিয়াৰ খবৰ এক গোপন সূত্ৰে লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে । উক্ত তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ ৰাইডাৰ পাৰ্টীয়ে বাছখনত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট আৰু কফ চিৰাপ উদ্ধাৰ কৰে । পিছত ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক আৰু সদৰ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ বাছৰ কণ্ডাক্টৰসহ দুজন যুৱকক ড্ৰাগছৰ সৈতে কৰায়ত্ত(Drugs Peddler Caught) কৰে ৷ ধৃত যুৱক দুজন ক্ৰমে আক্কাছ আলী ওৰফে ৰাহুল আৰু শ্বাহৰুখ খান ওৰফে লিটনন বুলি জানিব পৰা গৈছে । বৰ্তমান এই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আটাইৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.