Drug peddler arrested in Biswanath : বিশ্বনাথত ড্ৰাগছসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Dec 17, 2021, 8:31 PM IST

thumbnail

বিশ্বনাথ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী । বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs seized in Biswanath) । বিশ্বনাথ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দলে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰী দুটা হৈছে দলগাঁৱৰ ফকিৰ আলী আৰু বেচিমাৰিৰ ইনামুল হক(Two drug peddler arrested in Biswanath) । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা নগদ ধন জব্দ কৰাৰ লগতে এখন বাহনো জব্দ কৰিছে । বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ, উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰা আৰু বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল । বিশ্বনাথৰ কোনো লোকক এই বৃহৎ পৰিমাণৰ ড্ৰাগছ বিক্ৰী কৰিবলৈ অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ সোধা-পোচা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.