দৰঙৰ কুৰুৱা জাহাজ ঘাটত উত্তপ্ত পৰিস্থিতি

By

Published : Sep 11, 2021, 6:05 PM IST

thumbnail

মাজুলীত সংঘটিত মৰ্মান্তিক ঘটনাৰ পাছতে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সৃষ্টি হৈছে । দৰঙৰ কুৰুৱা জাহাজ ঘাটত আওপুৰণি জাহাজক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । দীৰ্ঘদিনীয়া দাবীৰ অন্তত কুৰুৱাবাসীক এখন নতুন জাহাজ প্ৰদান কৰা হৈছিল যদিও পুনৰ মাজুলীলৈ উক্ত জাহাজখন স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । ইয়াৰ পাছতে শনিবাৰে পুৱাৰ ভাগত উক্ত জাহাজ ঘাটত প্ৰতিবাদ স্বৰূপে কুৰুৱাৰ স্থানীয় লোকৰ উপৰিও আছু (AASU) গোটে আবদ্ধ কৰি ৰাখে এখন যাত্ৰী ভৰ্তি জাহাজ । যাৰ বাবে কুৰুৱা জাহাজ ঘাটত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.