বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া টাই আহোম যুৱ পৰিষদৰ

By

Published : Oct 19, 2021, 2:27 PM IST

thumbnail

অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ লোকৰ মাজৰ সম্প্ৰীতিত আঘাত হানিবলৈ প্ৰয়াস নকৰিবলৈ তথাকথিত বঙালী সংগঠনক সকীয়াই দিলে টাই আহোম যুৱ পৰিষদ অসমে । বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্যক গৰিহণা দি এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈও সকীয়নি দিয়ে সংগঠনটোৱে । উল্লেখ্য যে, বৰাকত চৰকাৰী আঁচনিৰ বেনাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বিৰোধিতা কৰি বৰাক উপত্যকাৰ BDYF নামৰ এটা তথাকথিত সংগঠনে বেনাৰত ক'লা ৰং সানি দিছিল । এনে কাৰ্য উচিত নহয় বুলি মন্তব্য কৰিছে টাই আহোম যুৱ পৰিষদে । এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে অসমীয়া বিদ্বেষীসকলক ভৱিষ্যতে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে ৷ অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মাজৰ সম্পৰ্ক বেয়াৰ ফালে নিবলৈ চেষ্টা নকৰিবলৈও কয় কেন্দ্ৰীয় সভাপতিগৰাকীয়ে । বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্যক লৈ এতিয়া ৰাজ্যৰ সাধাৰণ লোকৰ লগতে বিভিন্ন দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.