Demand to Repeal AFSPA : সোণাৰিত ক'লা পতাকা উৰুৱাই টাইপাৰ প্ৰতিবাদ

By

Published : Dec 10, 2021, 10:31 AM IST

thumbnail

সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) চমুকৈ AFSPA প্ৰত্যাহাৰ কৰাৰ দাবী এতিয়া উত্থাপিত হৈছে সমগ্ৰ উত্তৰ-পূৱ ভাৰতত ৷ এনে সময়তে বৃহস্পতিবাৰে টাই আহোম যুৱ পৰিষদ অসমে(টাইপা) মৰাণৰ সোণাৰিৰ সাপেখাটি চাৰিআলিত ক'লা পতাকা উৰুৱাই AFSPA বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(TAYPA protest demanding repeal AFSPA) ৷ এই আইনখনে ৰাইজক কোনো ধৰণে উপকৃত কৰা নাই বুলি উল্লেখ কৰি টাইপাই অনতিপলমে এই আইন বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ উল্লেখ্য যে, 4 ডিচেম্বৰত ভাৰতীয় সামৰিক বাহিনীয়ে নাগালেণ্ডৰ মন জিলাত গুলীচালনা কৰি 14 গৰাকী শ্ৰমিকক হত্যা কৰা ঘটনা(Ambush on civilians in Nagaland)ৰ পিছৰে পৰা বিভিন্ন দল-সংগঠনে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে দাবী জনাই আহিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.