কাকপথাৰৰ সেনা শিবিৰত স্বৰ্নিম বিজয় বৰ্ষ উদযাপন

By

Published : Oct 3, 2021, 7:36 PM IST

thumbnail

1971 চনৰ এখন যুদ্ধ ৷ যিখন যুদ্ধত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাস্ত কৰি বাংলাদেশক পাকিস্তানৰ কু-শাসনৰ পৰা মুক্ত কৰি স্বাধীনতা প্ৰদান কৰিছিল ৷ যুদ্ধত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে বিজয় লাভ কৰিছিল ৷ সেই যুদ্ধৰ 50 টা বছৰ পূৰ্ণ হোৱাত সোণালী জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় সেনাই পালন কৰিছে স্বৰ্নিম বিজয় বৰ্ষ নামেৰে বিজয় উৎসৱ ৷ ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাই শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ পৰা কাকপথাৰ স্থিত 14 নং অসম ৰেজিমেণ্টৰ সেনা শিবিৰলৈ লৈ এক বিজয় শিখা প্ৰদৰ্শনী যাত্ৰা আৰম্ভ কৰে ৷ বিশাল কনভয়েৰে অহা বিজয় শিখাক ধলা ছৈখোৱাৰ পৰা কাকপথাৰ সেনা চাউনি পথত বিভিন্ন জনে সন্মানেৰে আদৰণি জনায় ৷ দেওবাৰে কাকপথাৰ সেনা চাউনিত বিজয় শিখাক আদৰণি জনাই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, ৰাইজৰ লগতে সেনা বাহিনীয়ে ৷ সেনা বিষয়াই জানিবলৈ দিয়া মতে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে জনসাধাৰণৰ প্ৰদৰ্শনীৰ বাবে এই যাত্ৰা আৰম্ভ কৰা হৈছে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াই ৷ উল্লেখ্য যে, 1971 চনৰ যুদ্ধত ভাৰতীয় সেনাৰ ওচৰত প্ৰায় ত্ৰিশ হাজাৰ পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.