Silpotabori Raas mahotsav : নলবাৰীৰ শিলপোতাবড়ীৰ ৬৬ সংখ্যক ৰাস মহোৎসৱৰ সামৰণি

By

Published : Nov 24, 2021, 4:48 PM IST

thumbnail

শ্ৰীকৃষ্ণৰ ভক্তিত গদগদ ৰাজ্যবাসী । ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আনন্দ । কোনোৱে যদি নাটকীয় ৰূপত শ্ৰীকৃষ্ণৰ লীলা বৰ্ণনা কৰিছে, আন কোনোৱে আকৌ আটকধুনীয়া মৃন্ময় মূৰ্তিৰে প্ৰদৰ্শন কৰিছে শ্ৰীকৃষ্ণৰ লীলা । নলবাৰীৰ শিলপোতাবড়ী (Silpotabori Raas mahotsav)ৰ ৰাস মহোৎসৱস্থলীতো সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ । ক'ভিড-১৯ৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে মহামাৰী সম্পৰ্কীয় প্ৰয়োজনীয় সাৱধনতা অৱলম্বন কৰি অনুষ্ঠিত কৰা হৈছে নলবাৰীৰ শিলপোতাবড়ীৰ ৬৬ সংখ্যক ৰাস মহোৎসৱ । ১৯ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হয় শিলপোতাবড়ী গোপাল মন্দিৰ প্ৰাংগনত । প্ৰতি দিনাই লোকাৰণ্য হৈ পৰিছে ৰাস মহোৎসৱস্থলী । ৰাস মহোৎসৱ উপলক্ষে আধুনিক নৃত্য, নাগাৰা নাম আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে(Cultural programme in Nalbari Raas) । আনহাতে, মঙলবাৰৰ পৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰে নাট প্ৰদৰ্শন কৰিছে নলবাৰীৰ শিলপোতাবড়ীৰ ৰাস মহোৎসৱস্থলীত । দুদিনীয়াকৈ নাট প্ৰদৰ্শন কৰিব নাট্যদলটোৱে (Itihash Theatre performance in Nalbari)। প্ৰথম দিনটোতে নাটক চাবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয় । নলবাৰী হৰিমন্দিৰত এইবেলি ক'ভিডৰ বাবে ৰাস মহোৎসৱ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে যদিও নলবাৰী চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত গ্ৰামাঞ্চলত হোৱা এই ৰাস মহোৎসৱত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে(Raas Mahotsav celebrated in Nalbari) । মৃন্ময় মূৰ্তি প্ৰধান এই ৰাস মহোৎসৱস্থলীত কেইবাটাও স্থলত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰিছে উদ্যোক্তাই । বুধবাৰে এই ৰাস মহোৎসৱৰ অন্ত পৰিব(Nalbari Raas mahotsav will conclude) । শিলপোতাবড়ী গোপাল মন্দিৰত অনুষ্ঠিত হোৱা ৬৬ সংখ্যক ৰাস মহোৎসৱত প্ৰভুৰ আশীৰ্বাদ ল'লে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে মঙলদৈ সমষ্টিৰ সাংসদ দীলিপ শইকীয়ায়ো(BJP leader at Nalbari Raas Mahotsav) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.