Road accident in Jonai: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন

By

Published : Dec 4, 2021, 10:40 PM IST

thumbnail

ধেমাজি জিলাৰ জোনাই মহকুমাৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথ থ্ৰিজে স্কুলৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়(Road accident in Jonai) ৷ জানিব পৰা মতে, জোনাই থানাৰ এখন বাহন আৰু বাইকৰ মাজত হোৱা মুখা-মুখি সংঘৰ্ষত যুৱক দুজন গুৰুত্বভাবে আহত হয় ৷ আহত যুৱক দুজনক জোনাই অসামৰিক চিকিৎসালয়(Jonai Civil Hospital)ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত থকা এজন যুৱকক চিকিৎসকে মৃত ঘোষণা কৰে ৷ নিহত যুৱকজন জোনাই ৰাজাখানাৰ সাগৰ লিম্বু (30) বুলি জানিব পৰা গৈছে ৷ আনহাতে, গুৰুতৰ ভাৱে আহত যুৱকজন ৰাজাখানাৰ টেক বাহাদুৰ চেত্ৰী (25) বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.