গ্ৰেপ্তাৰ হোৱাৰ ভয়ত বিজেপিলৈ গৈছে ফণী তালুকদাৰ : ৰঞ্জিত খেৰকেটাৰী

By

Published : Oct 4, 2021, 1:49 PM IST

thumbnail

ভূ-মাফিয়া হিচাপে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত বিজেপিলৈ গৈছে ফণী তালুকদাৰে ৷ এই বিস্ফোৰণ ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ উপ নিৰ্বাচনৰ টিকট প্ৰত্যাশী ৰঞ্জিত খেৰকেটাৰীৰ । তেওঁ দলৰ পৰা টিকট লাভ কৰিলে ভৱানীপুৰ সমষ্টিক উদ্ধাৰ কৰিব বুলি দাবী কৰে ৷ ফণিধৰ তালুকদাৰে বিজেপিৰ টিকট ল’লেও তেওঁৰ হাতত শোচনীয়ভাবে পৰাজিত হ’ব বুলি মন্তব্য কৰে এ আই ইউ ডি এফ দলৰ টিকট প্ৰত্যাশী ৰঞ্জিত খেৰকেটাৰীই ৷ অৱশ্যে ৰঞ্জিত খেৰকেটাৰীয়ে টিকটৰ কাৰণে আশাবাদী হৈ আছে যদিও এ আই ইউ ডি এফ দলৰ সভাপতি মৌলানা বদৰউদ্দিন আজমলে খেৰকেটাৰীক টিকট প্ৰদান কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.