উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ উত্তাল প্ৰতিবাদ

By

Published : Oct 8, 2021, 12:54 PM IST

thumbnail

উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ(PSSA)ৰ প্ৰতিবাদী কাৰ্যসূচী । সমাজ কল্যাণ বিভাগ(Social Welfare Department)ৰ অধীনত বিশেষভাৱে সক্ষম লোক(Specially Abled)সকলৰ চতুৰ্থ শ্ৰেণী পদ সংৰক্ষণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)য়ে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল ৷ কিন্তু বৰ্তমানেও ফলাফল ঘোষণা কৰা হোৱা নাই ৷ ৰাজ্য চৰকাৰে বিশেষভাৱে সক্ষম লোকসকলৰ জীৱন আৰু আশাক লৈ হেতালি খেলাৰ অভিযোগ তুলি বৃহস্পতিবাৰে যোৰহাটত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰে উজনি অসম প্ৰতিবন্ধী পৰিষদৰ কৰ্মীয়ে ৷ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ভৱন নিৰ্মাণ কৰিবলৈ 50 লাখ টকা শীঘ্ৰেই মুকলি কৰক, দিব্যাংগ পেঞ্চন 3 হাজাৰ টকালৈ বৃদ্ধি কৰক আদি শ্ল’গানেৰে তেওঁলোকে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ইয়াৰ লগতে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰেৰণ কৰে উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদে । চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.