মইনাজুলি চাহ বাগিছাত বন্যহস্তীৰ মুক্ত বিচৰণ

By

Published : Sep 17, 2021, 9:28 PM IST

thumbnail

ৰঙাপৰাৰ মইনাজুলি চাহ বাগিচাত শুকুৰবাৰে বিয়লি মুক্ত মনে বিচৰণ কৰিলে 6 টাকৈ বনৰীয়া হাতীৰ এটা জাকে ৷ খাদ্যৰ সন্ধানত প্ৰায়েই এইদৰে বাগিচা খনত বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰা দেখিবলৈ পোৱা যায় ৷ হাতীৰ জাকটোক চাবলৈ স্থানীয় একাংশ লোকে ভিৰ কৰে যদিও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি শান্ত মনে পাৰ হৈ যায় বনৰীয়া হাতীৰ জাকটো ৷ পশ্চিম আকাশত বেলি ডুব যোৱাৰ লগে লগে বনৰীয়া হাতীকেইটাই খাদ্যৰ সন্ধান বিচাৰি ধীৰ গম্ভীৰে বাগিচাৰ মাজেৰে পাৰ হৈ যায় ৷ উল্লেখ্য যে, ৰঙাপৰাৰ আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ত পৰ্যাপ্ত বনকৰ্মীৰ অভাৱৰ বাবে প্ৰায়েই বনৰীয়া হাতী খেদাত সমস্যাৰ সন্মুখীন হয় স্থানীয় লোকসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.