ডিব্ৰুগড়ৰ বকপৰাত কালী পূজাৰ মাজতে লাগিল তয়াময়া যুঁজ

By

Published : Nov 5, 2021, 5:35 PM IST

thumbnail

কুকুৰা যুঁজ অসমৰ এক পৰম্পৰাগত খেল ৷ বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত এই খেলবিধৰ প্ৰচলন আছে ৷ কালীপূজা উপলক্ষে ডিব্ৰুগড়ৰ বকপৰাত আনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত এইবিধ খেলৰ । এইবাৰ যুঁজত নমাইছে প্ৰায় শতাধিক কুকুৰা । সমাবেশ ঘটিছে পোন্ধৰ সহস্ৰাধিক লোকৰ । সকলো ব্যস্ত কুকুৰা যুঁজ চোৱাত ৷ বৃটিছ যুগৰ পৰাই অঞ্চলটোৰ লোকসকলে দীপাৱলী উপলক্ষে পৰম্পৰাগত বিভিন্ন খেল ধেমালিৰ লগতে আকৰ্ষণীয় এই কুকুৰা যুঁজৰ আয়োজন কৰিছে ৷ উল্লেখ যে, উচ্চতম ন্যায়ালয়ৰ কুকুৰা যুঁজ নিষিদ্ধ কৰিছে যদিও ডিব্ৰুগড়ৰ বকপৰাত শুকুৰবাৰে অনুষ্ঠিত কৰা হৈছে কুকুৰা যুঁজৰ । মন কৰিবলগীয়া কথাটো হ'ল পৰম্পৰ ৰক্ষা কৰি অসমৰ বহু অঞ্চলত আজিও প্ৰচলিত হৈ আছে কুকুৰা যুঁজৰ । এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে । ২০১৪ চনত এক ৰায়ৰ জৰিয়তে ভাৰতৰ উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে । ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ ম’হ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিছিল যদিও আজিও ঠায়ে ঠায়ে পৰম্পৰা ৰক্ষা কৰি চলি আছে এই সমূহ পৰম্পৰাগত ক্ৰীড়া ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.