মোৰ শাসন কালত পুলিচ-মিলিটাৰীৰাজ চলিবই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Jan 25, 2022, 10:54 PM IST

thumbnail

‘‘নিৰীহ জনতাৰ কাৰণে আৰক্ষী সাৰথি হ’ব লাগিব । অপৰাধীৰ কাৰণে ভয়ৰ কাৰণ হ’ব লাগিব আৰক্ষী । মোৰ শাসনকালত পুলিচ মিলিটাৰীৰাজ চলিব । জুই জ্বলিছে জ্বলিবই, চলিছে চলিবই’’- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (In my reign there will be police military raj, says cm Himanta Biswa Sarma)। মংগলবাৰে গুৱাহাটীৰ এক অনুষ্ঠানত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে, কংগ্ৰেছে ড্ৰাগছ মাফিয়াৰ হৈ মাত মতাৰ আগতে ড্ৰাগছ মাফিয়াই কিমান পৰিয়াল ধ্বংস কৰিলে তাৰ হৈ মাত মাতক । যিসকলে গুলি খাইছে, মৰিছে তেওঁলোকৰ ওপৰত সহানুভূতি দেখুৱাব নালাগে । যিবিলাক মৰিছে তেওঁলোক মোৰ ভাগিন নহয় । নগাঁৱৰ কীৰ্তিকমল বৰাৰ ঘটনাৰ দোষীক শাস্তি দিয়া হ’ব (CM Himanta Biswa Sarma on Nagaon police firing incident) । তাৰ সুযোগ লৈ বাকী যিবোৰ ঘটনা হ’ল তাৰ ওপৰত প্ৰশ্ন সোধাৰ অধিকাৰ নাই । মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থালৈ অপৰাধীক শাস্তি বিহা হ’ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.