বৰমাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

By

Published : Aug 14, 2021, 1:21 PM IST

thumbnail

বাক্সা জিলাৰ বৰমাৰ অন্তৰ্গত বনগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ৷ বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে বিলাতী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে বাক্সাৰ বৰমা আৰক্ষীয়ে চলাই আছে অভিযান ৷ এনে এক অভিযানৰ অংশ হিচাপে শুকুৰবাৰে নিশা বৰমা থানাৰ অন্তৰ্গত নমাটিৰ ওচৰৰ বনগাঁৱত মনেশ্বৰ লাহাৰী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ বৰমা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলাইছিল এই অভিযান ৷ উক্ত অভিযানকালত আৰক্ষীয়ে প্ৰায় ১২০ বটল বিয়েৰ আৰু বহু পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷ তদুপৰি এই ব্যৱসায়ত জড়িত থকাৰ অভিযোগত মনেশ্বৰক আটক কৰে ৷ ইতিমধ্যে বৰমা আৰক্ষীয়ে মনেশ্বৰৰ বিৰুদ্ধে আবকাৰী আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.