Illegal Wood Seized: বোকাখাতত চোৰাং কাঠভৰ্তি বাহন জব্দ

By

Published : Dec 18, 2021, 5:46 PM IST

thumbnail

বোকাখাত আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি বহু চোৰাং কাঠভৰ্তি গাড়ী দৈনিক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰি আহিছে । শনিবাৰে পুৱা অবৈধ কাঠ পৰিবাহী গাড়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ উদ্দেশ্যে বোকাখাত আৰক্ষী(Bokakhat Police Station)য়ে থানাৰ সন্মুখত আৰম্ভ কৰে তালাচী । তালাচীৰ এই সময়চোৱাত সেই পথেৰে পাৰ হৈ যোৱা দুখন গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়াত গাড়ী দুখনে আৰক্ষীৰ বেহু ভাঙি পলাবলৈ চেষ্টা কৰে । অৱশেষত AS 05C 8238 আৰু AS0 3CC 1630 নম্বৰৰ বলেৰ’ পিকআপ ভান দুখনক খেদি গৈ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় (Illegal wood seized in Golaghat) ৷ অৱশ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইকৰাজানত গাড়ী এৰি পলায়ন কৰে গাড়ীৰ চালক দুজন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.