পশ্চিম কাৰ্বি আংলঙত পাহাৰীয়া ঢলৰ তাণ্ডৱ, জনজীৱন ব্যাহত

By

Published : Oct 17, 2021, 9:46 PM IST

thumbnail

দেওবাৰে পুৱতি নিশা হোৱা এজাক মূষলধাৰ বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙত সৃষ্টি হৈছে পাহাৰীয়া ঢলৰ ৷ পাহাৰীয়া ঢলে নিমিষতে বুৰাই পেলালে বৈঠালাংচ আমট্ৰেঙৰ বহু অঞ্চল । স্থানীয় লোকৰ ভাষ্য অনুসৰি পুৱতি নিশা সকলো নিদ্ৰা মগ্ন হৈ থকা অৱস্থাত আৰম্ভ হয় এজাক বৰষুণ ৷ প্ৰায় এঘণ্টাজোৰা হোৱা বৰষুণৰ ফলতে সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ জানিবপৰা মতে, ঢলে খহাই নিয়ে পশ্চিম কাৰ্বি আংলঙৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথ । সম্পূৰ্ণৰূপে যাতায়ত স্তব্ধ হৈ পৰিছে বৈঠালাংছ আমচৈ হৈ-গুৱাহাটী সংযোগী পথ । ইয়াৰোপৰিও বিচ্ছিন্ন হৈ পৰিছে আমট্ৰেঙৰ পৰা কাৰ্বিলাংপী প্ৰকল্পলৈ যোৱা পথটো । মনকৰিবলগীয়া যে, বিগত ৭০ বছৰৰ পিছত উক্ত অঞ্চলটোত এইটোৱেই বৃহৎ বান বুলি স্থানীয় লোকে মত উল্লেখ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.