প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি যান-বাহন চলাচল: ক্ষুব্ধ স্থানীয় ৰাইজ

By

Published : Oct 28, 2021, 11:09 AM IST

thumbnail

অভয়াপুৰী-জনীয়া-বৰপেটা হৈ আমিনগাঁও সংযোগী বিকল্প ৰাজ্যিক ঘাইপথত বুধবাৰে নিশা তীব্ৰ উত্তেজনা । গধুৰ যান-বাহন চলাচলক লৈ সৃষ্টি হৈছে এই উত্তেজনাৰ ৷ কেইমাহমান পূৰ্বে বেকী নৈয়ে গতিপথ সলনি কৰাৰ ফলত শওপুৰস্থিত কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা ৰাজ্যিক বিকল্প ঘাইপথটো খহনীয়াৰ কৱলত পৰিছে । প্ৰশাসনে জিঅ’ বেগৰ জৰিয়তে সাময়িকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে যদিও ই বিশেষ ফলপ্ৰসূ হোৱা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে বৰপেটা জিলা প্ৰশাসন(Barpeta District Administraion)য়ে বিকল্প ঘাইপথেৰে গধুৰ যান-বাহন চলাচল বন্ধৰ নিৰ্দেশ দিছে । কিন্তু যান-বাহন চলাচল বন্ধ কৰি দিয়া সত্বেও গধুৰ যান-বাহন চলাচল অব্যাহত আছে ৷ ইয়াকে লৈ স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ বাবে বামুনটাৰী চাৰিআলি চ’কত চালক আৰু ৰাইজৰ মাজত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.