Illegal sand mining : বিলাসীপাৰাত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান বন বিভাগৰ

By

Published : Jan 11, 2022, 11:29 AM IST

thumbnail

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বিলাসীপাৰাতো অব্যাহত আছে অবৈধ বালি আৰু মাটিৰ খনন । বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত চৰকাৰী পাহাৰীয়া মাটি, ব্ৰহ্মপুত্ৰ, গৌৰাং নৈ আদিত দিনে-নিশাই চলি আহিছে অবৈধ খনন কাৰ্য (Illegal sand mining at Bilasipara) । কিছুদিন আগত বিলাসীপাৰাৰ মহকুমাধিপতি (Sub-Divisional Officer of Bilasipara) জয় শিৱাণীয়ে এই খনন কাৰ্য চলাই থকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল বন বিভাগক ৷ এই নিৰ্দেশমৰ্মে শালকোচাৰ বন বিষয়া কালি দাস সিন্হাৰ নেতৃত্বত সোমবাৰে নিশা বনবিভাগে অভিযান চলাই দুখনকৈ মাটি ভৰ্তি ডাম্পাৰ আৰু এখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় (Forest department of Bilasipara drive against illegal sand mining) । জানিব পৰা মতে, বিগত দুটা মাহত বন বিভাগে বিলাসীপাৰা মহকুমাত এনেদৰে অভিযান চলাই 45 খনকৈ অবৈধ মাটি-বালি ভৰ্তি বাহন জব্দ কৰিছিল ৷ ইয়াৰোপৰি জব্দ কৃত বাহনসমূহৰ পৰা প্ৰায় 11 লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ কৰে বুলি বন বিষয়া কালি দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইতিমধ্যে বন বিভাগে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ কাৰ নেতৃত্বত এই অবৈধ খনন কাৰ্য চলিছে, সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.