মন গলেই শাক-পাচলি, আলু পিয়াঁজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব খুচুৰা ব্যৱসায়ীয়ে

By

Published : Nov 16, 2021, 10:20 PM IST

Updated : Nov 16, 2021, 10:48 PM IST

thumbnail

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে কামৰূপ(ম) জিলা উপায়ুক্তৰ কাৰ্যালয়ত যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পৰ্যালোচনা বৈঠক । অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কামৰূপ চেম্বাৰছ অফ কমাৰ্চ, পামহিৰ শাক-পাচলি পাইকাৰী ব্যৱসায়ী সন্থা, ফিছফেড অসম, আলু-পিয়াজ পাইকাৰীৰ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰে হোৱা বৈঠকৰ অন্তত দাসৰ ঘোষণা- ' মন গলেই শাক-পাচলি, আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব খুচুৰা ব্যৱসায়ীয়ে । অসাধু-খুচুৰা ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিলেই প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। অত্যাধিক মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যোগান বিভাগ অধিক কঠোৰ হব বুলিও উল্লেখ কৰিলে মন্ত্ৰী গৰাকীয়ে ।

Last Updated : Nov 16, 2021, 10:48 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.