ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিধংসী অগ্নিকাণ্ড

By

Published : Oct 9, 2021, 10:53 PM IST

thumbnail

ধেমাজি জিলাৰ চিচিবৰগাঁও চাৰিআলিত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জানিবপৰা মতে, এখন তেল ভৰ্তি টেংকাৰৰ পৰা সূত্ৰপাত হৈছে এই অগ্নিকাণ্ডৰ ৷ মুহূৰ্ততে টেংকাৰৰ জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোলৈ বিয়পি পৰাত চিচিবৰগাঁও চাৰিআলিস্থিত সৰু বৰ দহখনৰো অধিক দোকান তথা ব্যৱসায় প্ৰতিষ্ঠান জুইত ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে ৷ লগতে টেংকাৰ চালক দুজনো জুইত জাহ যোৱ বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ ইপিনে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও বাতৰি লিখা পৰলৈকে নিয়ন্ত্ৰণলৈ অহা নাই ৷ বৰ্তমান অঞ্চলতটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.