Drug Peddler Arrested at Baihata: দুই ড্ৰাগছ বেপাৰীৰ মাজত তয়াময়া ৰণ

By

Published : Jan 29, 2022, 4:15 PM IST

thumbnail

আৰক্ষী থানাত দুজন ড্ৰাগছ্ ব্যৱসায়ীৰ মাজত দুৰ্বাদল কাজিয়া । এজনে আনজনৰ ওপৰত জাপিছে দোষ । হেণ্ডকাফ খুলি দিয়াৰো দাবী ড্ৰাগছ মাফিয়াৰ ৷ এই দৃশ্য বাইহাটা চাৰিআলি আৰক্ষী থানাত । বাইহাটা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি সুতাৰগাঁৱৰ পৰা দুজন ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰাৰ লগতে প্ৰায় ৭.৩২ গ্ৰাম নিচাযুক্ত সামগ্ৰী জব্দ কৰে । লগতে বিক্ৰীৰ বাবে সাজুু কৰি ৰখা ৬৯ টা কন্টেইনাৰ, দুটা চিৰিঞ্জ, নগদ ১৫ হাজাৰ টকা, কিছু ৰে’লৰ টিকটৰ লগতে এটিএম কাৰ্ড জব্দ কৰে । ড্ৰাগছ্ সৰবৰাহকাৰী দুজনে বহিঃৰাজ্যৰ পৰা ড্ৰাগছ্ আনি বাইহাটা চাৰিআলি অঞ্চলত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । ধৃত ড্ৰাগছ্ বেপৰী দুজন জাকিৰ আলী আৰু ইছলাম আলী (Drugs peddler arrested at Baihata Chariali)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.