ছয়গাঁৱত অসম দৰ্শন আঁচনিৰ অধীনত অনুদান বিতৰণ

By

Published : Sep 30, 2021, 10:14 AM IST

thumbnail

অসম দৰ্শন আঁচনিৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ অধীনষ্ঠ ছয়গাঁও উন্নয়ন খণ্ড, বনগাঁও উন্নয়ন খণ্ড আৰু গৰৈমাৰী উন্নয়ন খণ্ডৰ ৪৬ টা নামঘৰলৈ বুধবাৰে অনুদান পত্ৰ বিতৰণ কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত এখন সভাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নামঘৰৰ অনুমোদন পত্ৰসমূহ বিতৰণ কৰে । সভাখনত বিধায়কগৰাকীয়ে নামঘৰ নিৰ্মাণ কমিটিসমূহক কামসমূহ সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানবোৰ সম্পূৰ্ণ ৰাজনীতিৰ ঊৰ্ধত বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক আহমেদে ৷ তিনিওটা উন্নয়ন খণ্ডৰ ৫২ টা নামঘৰলৈ প্ৰায় ১ কোটি ৩০ লাখ টকা অনুমোদন জনোৱাৰ কথা সদৰী কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ বুধবাৰে ইয়াৰে ৪৬ টা নামঘৰৰ মাজত অনুমোদন পত্ৰসমূহ বিতৰণ কৰাৰ বিপৰীতে বাকী নামঘৰসমূহলৈ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰি অনুমোদন আগবঢ়াব বুলি ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.