Deuri bihu at Majuli : আজি দেউৰীসকলৰ মাঘ বিহু

By

Published : Jan 20, 2022, 10:45 AM IST

thumbnail

আজি দেউৰীসকলৰ মাঘ বিহু ৷ পৰম্পৰা অনুসৰি দেউৰীসকলে মাঘ মাহৰ পহিলা বুধবাৰে পালন কৰে মাঘ বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰেকৈ বৃহস্পতিবাৰে মাজুলীৰ দেউৰী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত জনগোষ্ঠীটোৰ লোকসকলে বিশাল আয়োজনেৰে হেঁপাহৰ মাঘ বিহু উদযাপন কৰে (Deori community celebrates Magh Bihu at Majuli) । মাঘ বিহু উপলক্ষে বৃহস্পতিবাৰে ৰাতিপুৱা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মেজি জ্বলাই জুইৰ উম লয় আৰু সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা জনাই অগ্নি দেৱতাৰ ওচৰত সেৱা লয় ৷ লগতে সম্প্ৰতি ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ৰনা মহামাৰী নিঃশেষ হোৱাৰ কামনাৰে সমূহ দেউৰী সম্প্ৰদায়ৰ লোকে অগ্নি দেৱতাক সেৱা জনায় ৷ মাঘ বিহু উপলক্ষে দেউৰীসকলে আজি দিনৰ ভাগত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে (Deuri bihu at Majuli) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.