Assam CM family land grabbing case: নলবাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jan 29, 2022, 7:15 PM IST

thumbnail

অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী (Land grabbing allegation against CM family) বিষয়টোৰ বাবে এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । বিৰোধী কংগ্ৰেছে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে (Congress launches series protests programme against land grabbing case)। নলবাৰী জিলাতো শনিবাৰে জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱা হয় । অৱশ্যে ৰাজীৱ ভৱনৰ সন্মুখতে প্ৰতিবাদী দলটোক আটক কৰে আৰক্ষীয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী, নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজোতি হালৈৰ লগতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.