নৱবৰ্ষৰ উপহাৰ লৈ চৰাইদেউৰ ৰাজপথত উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ

By

Published : Dec 31, 2021, 10:31 PM IST

thumbnail

বছৰৰ শেষৰ দিনটোত ৰাজপথত ব্যস্ত আৰক্ষী (Assam Police against drink and drive) । ইয়াৰ মাজতে চৰাইদেউত দেখা গৈছে আৰক্ষীৰ এক ব্যতিক্ৰমী ৰূপ । নৱবৰ্ষৰ উপহাৰ লৈ চৰাইদেউৰ ৰাজপথত চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ (Charaideo DSP Anita Konwar) । হেলমেট পৰিধান নকৰা লোকক জৰিমনা বিহাৰ সমান্তৰালভাৱে হেলমেট পৰিধান কৰা লোকক এটি চকলেট প্ৰদান কৰি নৱবৰ্ষৰ শুভেচ্ছা জনাই চৰাইদেউ জিলা আৰক্ষীয়ে (DSP Anita Konwar give new year gift at Charaideo) । চৰাইদেউ জিলা আৰক্ষীৰ উপ-আৰক্ষী বিষয়া অনিতা কোঁৱৰে হেলমেট পিন্ধা বাইক আৰোহীক এটি চকলেট প্ৰদান কৰি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হেলমেট নিপিন্ধা বাইক আৰোহী তথা ছিট বেল্ট নমৰা গাড়ী চালকক জৰিমনা বিহে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.