New year wishes: নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰ্বানন্দ সোণোৱালে অসমবাসীক দিলে বহুকেইটা ভাল খবৰ

By

Published : Jan 1, 2022, 3:37 PM IST

thumbnail

ইংৰাজী নতুন বছৰক লৈ চাৰিওফালে ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে (Sarbananda Sonowal greets people of Assam on New Year)। লগতে ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰে মতে এই নতুন বছৰৰ পৰাই আৰম্ভ হ'ব উত্তৰ পূৱৰ প্ৰথমটো জাহাজ নিৰ্মাণ কেন্দ্ৰ । মে' মাহৰ পৰা ব্ৰহ্মপুত্ৰৰে বঙ্গোপসাগৰলৈ জল পৰিবহণৰ কাম আৰম্ভ হ'ব । আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰাও ৰাজ্যত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইফালে ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্যবাসীক সকলো ধৰণৰ সতৰ্কতা অৱলম্বনৰ বাবেও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.