উপ নিৰ্বাচন : বাক্সাত প’লিং এজেণ্টক প্ৰশিক্ষণ প্ৰদান

By

Published : Oct 23, 2021, 12:28 PM IST

thumbnail

চমু চাপি আহিছে উপ নিৰ্বাচনৰ দিন ৷ ৰাজ্যৰ পাঁচটা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে প্ৰশাসনিক স্তৰত ৷ 30 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া 54 নং তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে বাক্সা জিলা প্ৰশাসনে বৰমা মহাবিদ্যালয়ত যোৱা ২০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ প’লিং এজেণ্টসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ প্ৰশাসনে তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে ১,৫৩৬ জন বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া বুলি জনায় বাক্সাৰ জিলা অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.