হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা

By

Published : Sep 27, 2021, 3:40 PM IST

thumbnail

'এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷' বদৰুদ্দিন আজমলক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, এই দুয়োগৰাকী নেতাৰ মাজত নিৰ্বাচনৰ আগত ভোটৰ কথা আৰু নিৰ্বাচনৰ পাচত নোটৰ কথা আলোচনা হয় ৷ মুখ্যমন্ত্ৰীক এসময়ত সমালোচনাৰে থকা-সৰকা কৰা বদৰুদ্দিন আজমল এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ ৷ মুখ্যমন্ত্ৰীৰ দিনতে ৰমৰমীয়া ব্যৱসায় চলিছে আজমল চাহাবৰ ৷ সেয়েহে, ব্যৱসায় কৰা মানুহৰ লগত প্ৰদেশ কংগ্ৰেছে মিত্ৰতা নকৰে ৷ গতিকে প্ৰদেশ কংগ্ৰেছে মহাজোঁট ভংগ কৰিছে বুলি কয় সভাপতি বৰাই ৷ উল্লেখ্য যে, সাংগঠনিক কাৰ্যসূচীৰে সোমবাৰে ধেমাজিত উপস্থিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.