সুখৰ প্ৰাচীৰৰ জৰিয়তে দৰিদ্ৰ লোকৰ মাজত হাঁহি বিৰিঙাইছে আজমল ফাউণ্ডেচনে

By

Published : Dec 11, 2021, 10:59 PM IST

thumbnail

বস্ত্ৰৰ অভাৱত থকা দৰিদ্ৰৰ বাবে এক অভিনৱ পদক্ষেপ আজমল ফাউণ্ডেচনৰ । আজমল ফাউণ্ডেচনে মাহজোৰা কাৰ্যসূচীৰ দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণৰ এক কাৰ্যসূচীৰ আয়োজন কৰে ৷ হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে শনিবাৰে উদ্বোধন কৰে এই কাৰ্যসূচীৰ । কাৰ্যসূচীৰ প্ৰথম দিনাই প্ৰায় তিনিশ দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰা হয় নতুন সাজপাৰ । এই পদক্ষেপ অসমৰ বিভিন্ন জিলাত আৰম্ভ কৰিব আজমল ফাউণ্ডেচনে । সুখৰ প্ৰাচীৰ নামেৰে আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে হাঁহি বিৰিঙিছে দৰিদ্ৰ লোকসকলৰ মুখত । মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত এই কাৰ্যসূচী হাতত লোৱা বুলি জানিব দিয়ে আজমল ফাউণ্ডেচনৰ মহা প্ৰৱন্ধক ড৹ এম আৰ এইচ আজাদে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.