Eviction Drive in Barpeta Satra: বৰপেটা সত্ৰৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Feb 5, 2022, 7:34 PM IST

thumbnail

বৰপেটা সত্ৰৰ ভূমি বেদখল সন্দৰ্ভত ইতিমধ্যে ৰাজ্যত ব্যাপক চৰ্চা চলি আছে । বিধায়ক শ্বেৰমান আলী আহমেদৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইবোৰৰ মাজতে বৰপেটা জিলা প্ৰশাসনে আৰম্ভ কৰিলে উচ্ছেদ অভিযান (Eviction in Barpeta Satra land)। সত্ৰৰ ভূমি বেদখল কৰা ৩৭ টাকৈ পৰিয়ালক উচ্ছেদৰ বাবে পুৱাই বাঘবৰৰ ১নং বৰদলনি গাঁৱত উপস্থিত হ'ল প্ৰশাসনৰ লোক । বৰপেটা জিলা প্ৰশাসন, বাঘবৰ ৰাজহ চক্ৰ বিষয়া, আৰক্ষী আৰু চিআৰপিএফৰ সহযোগত ১ নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চলালে উচ্ছেদ অভিযান (Eviction at Barpeta)৷ উল্লেখ্য যে ইতিমধ্যে চৰকাৰী জাননী পোৱাৰ পাছতে ৩৭ টা পৰিয়ালৰ ভিতৰত কেইবাটাও পৰিয়ালে সেই স্থান ত্যাগ কৰিছে । জানিব পৰা মতে পৰিয়ালকেইটাই সত্ৰৰ ভূমি বেদখল কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খান্দিছিল । ইফালে মন্দিয়াত থকা আন এখন সত্ৰৰ ভূমিতো প্ৰশাসনে চলাব উচ্ছেদ অভিযান ৷ মন্দিয়াৰ মহাপুৰুষীয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ অভিযান চলিব ৷ আনহাতে বাঘবৰৰ ৩ নং বৰদলনি গাঁৱৰ শ্মশানৰ ভূমিত চলা বেদখল উচ্ছেদৰ বাবেও প্ৰশাসন সাজু হৈছে ৷ বাঘবৰৰ ৰাজহ চক্ৰ বিষয়াই জনোৱা মতে স্থানীয় লোকসকলে প্ৰশাসনক সহযোগ কৰিছে । বিষয়াগৰাকীৰ মতে উচ্ছেদ পূৰ্বতেও হৈছে আৰু আগলৈও চলি থাকিব ৷ তেওঁ জনোৱা মতে বৰপেটা সত্ৰক অতি শীঘ্ৰে বেদখলমুক্ত ভূমিসমূহ চমজাই দিব প্ৰশাসনে ৷ ইফালে উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে বৰপেটা সত্ৰই চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.