ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

By

Published : Jun 26, 2021, 5:57 PM IST

Updated : Jun 27, 2021, 9:52 AM IST

thumbnail

"ক'ভিডে কঁকাল বেকা কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলৰ । এটকাও উপাৰ্জন নকৰাকৈয়ে প্ৰযোজকসকলে পৰিশোধ কৰিবলগীয়া হৈছে বেংকৰ ঋণ ৷ ক'ভিডৰ এই আতংকময় পৰিৱেশ যদি আৰু কিছুদিনলৈ বৰ্তি থাকে, তেনেহ’লে হয়তো চিৰদিনৰ বাবে হেৰাই যাব অসমৰ গৌৰৱ ভ্ৰাম্যমাণ থিয়টাৰ ৷ অতি দুখলগাকৈ ক'ভিড সৃষ্ট পৰিৱেশে গতিপথ সলনি কৰিছে বহু শিল্পী তথা কলা-কুশলীৰ জীৱনশৈলী ৷ কাঠৰ সামগ্ৰীত ঘূণে ধৰাৰ লগতে মামৰ লাগিছে লোৰ সামগ্ৰীত ৷ নিগনিয়ে কুটিছে সংগীতৰ সামগ্ৰীৰ লগতে বৈদ্যুতিক সা-সৰঞ্জাম ৷ তথাপিও আশাবাদী থিয়েটাৰৰ প্ৰযোজকসকল"- এই মন্তব্য আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰৰ ৷ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যবৰ্ষ যদিও জুলাই মাহৰ পৰা আৰম্ভ হয়, তথাপি যদি ক'ভিডৰ আতংক হ্ৰাস পায় তেনেহ’লে আগষ্ট মাহৰ পৰাই থিয়েটাৰ আৰম্ভ কৰিব পাৰিব বুলি আশাবাদী প্ৰস্তুতি পৰাশৰ । সেয়ে সমূহ অসমবাসী ৰাইজক ক'ভিডৰ ভেকচিন ল’বলৈ আহ্বান জনাইছে প্ৰস্তুতি পৰাশৰে ৷

Last Updated : Jun 27, 2021, 9:52 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.