আছুৰ উদ্যোগত হ'বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ বুজ ল'বলৈ ডুমডুমাত দিপাংক কুমাৰ নাথ

By

Published : Jan 10, 2022, 8:41 AM IST

thumbnail

সদৌ অসম ছাত্ৰ সন্থাৰ এই বৰ্ষৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তিনিচুকীয়া জিলাৰ ডুমডুমাত (AASU will centrally celebrate Silpi Divas in Doom Dooma ) ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ প্ৰস্তুতি (Preparations for Silpi Divas organise by AASU) সম্পৰ্কে বুজ ল'বলৈ দেওবাৰে ডুমডুমাত আছুৰ সভাপতি দিপাংক কুমাৰ নাথৰ নেতৃত্বত এটি দল উপস্থিত হয় (AASU president Dipanka Kumar Nath in Doom Dooma) ৷ ডুমডুমাত উপস্থিত হৈ ৰাজ্য চৰকাৰে দিয়া ক'ভিডৰ নতুন SOP মানি আছুই শিল্পী দিৱস উদযাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে সভাপতি দিপাংক কুমাৰ নাথে ৷ লগতে এই অনুষ্ঠানটো সুচাৰুৰূপে চলাবলৈ তিনিচুকীয়া জিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছে আছুৰ নেতৃত্বই ৷ ইয়াৰোপৰি ভোগালী বিহুৰ সময়ছোৱাত ৰাজ্যত বলবৎ কৰা ক'ভিডৰ নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আছুৰ সভাপতি দিপাংক কুমাৰ নাথে (AASU president Dipanka Kumar Nath on new SOP) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.