জেবি কলেজলৈ চাইকেল চলাই, জাপি পিন্ধি যোৱাৰ সময়ক সুঁৱৰিলে জুবিন গাৰ্গে

By

Published : Apr 30, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ জাপি পিন্ধি, চাইকেল লৈ যোৱাৰ সময়ক সুৱঁৰিলে জুবিন গাৰ্গে (College where Zubeen Garg studied) ৷ দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে পৰিৱেশ সংৰক্ষণ, জল সংৰক্ষণ আৰু অংগদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শিৱসাগৰৰ নৱজ্যোতি শইকীয়াই চাইকেলেৰে অসম ভ্ৰমণ আৰম্ভ কৰিছে ৷ ৰংঘৰৰ বাকৰিৰ পৰা আৰম্ভ এই যাত্ৰাৰ শুভ উদ্বোধন কৰিলে জুবিন গাৰ্গে (Zubeen Garg in Sivasagar)৷ ‘ব্ৰহ্মপুত্ৰ পৰিক্ৰমা’ নামেৰে আৰম্ভ এই চল্লিশদিনীয়া যাত্ৰাৰ শুভ উদ্বোধন কৰি শিল্পীগৰাকীয়ে কয়, ‘‘চাইকেল চলোৱাতো স্বাস্থ্যৰ পক্ষে ভাল, মই নিজেও ক্ৰীড়াৰ প্ৰতি আগ্ৰহী, এনেকুৱা কাম কৰিলে মই ভালপাওঁ ৷’’ উল্লেখ্য যে, এই যাত্ৰা কালত নৱজ্যোতিয়ে প্ৰায় তিনি হাজাৰ কিল’মিটাৰ পথ অতিক্ৰমৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.