ক’লৈ গ’ল বিশ্বজিত ? পৰিয়ালত হাহাকাৰ পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:34 PM IST

thumbnail

জোনাই, ১৪ ডিচেম্বৰ: বিগত পোন্ধৰ দিন ধৰি ধেমাজি জিলাৰ চিমেনচাপৰিৰ এজন যুৱক নিখোঁজ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দিষ্ট লোকজন চিমেনচাপৰি আৰক্ষী থানাৰ অন্তৰ্গত খেৰণি গাঁৱৰ ৰঞ্জন হাজৰিকাৰ পঁচিছ বছৰীয়া পুত্ৰ বিশ্বজিত হাজৰিকা বুলি জানিব পৰা গৈছে ।

চিমেনচাপৰি কলেজ তিনিআলিত এখন চাইবাৰ কেফে, CSC চেণ্টাৰ, আৰু মোবাইল ৰিপেয়াৰিঙৰ দোকান দি পৰিয়াল পোহপাল দিছিল বিশ্বজিতে ৷ কিন্তু যোৱা ২৯ নৱেম্বৰত হঠাতে নোহোৱা হৈ গ’ল যুৱকজন । তাৰ পিচতে পৰিয়ালৰ লোকে বহুতো বিচাৰ-খোচাৰ কৰে যদিও আজিলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট যুৱকজনৰ । 

ইতিমধ্যে যুৱকজন নিৰুদ্দেশ সন্দৰ্ভত যোৱা ৩ ডিচেম্বৰতেই পৰিয়ালৰ লোকে চিমেনচাপৰি থানাত গোচৰ ৰুজু কৰে যদিও বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিশ্বজিতৰ পত্নীয়ে । যুৱকজনৰ কিবা সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ আহ্বান জনাইছে পত্নীয়ে ৷ লগতে অসমৰ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে যাতে বিশ্বজিতক উদ্ধাৰ কৰি পৰিয়ালটোক ৰক্ষা কৰে ৷

লগতে পঢ়ক: Cyber crime in Assam: ৰাজ্যত বৃদ্ধি বিত্তীয় চাইবাৰ অপৰাধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.