ETV Bharat / state

Cyber crime in Assam: ৰাজ্যত বৃদ্ধি বিত্তীয় চাইবাৰ অপৰাধ

author img

By

Published : Jul 24, 2022, 7:13 PM IST

n
Cyber crime in Assam: ৰাজ্যত বৃদ্ধি বিত্তীয় চাইবাৰ অপৰাধ

ৰাজ্যত দৈনিক বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা (Cyber crime increased in Assam)। ইতিমধ্য়ে চাইবাৰ অপৰাধীয়ে পেলোৱা জালত ভৰি দি বহু লোকে গাঠিৰ ধন হেৰুৱাইছে । ২০২১ত ৩,৯৬২টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে বুলি অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।

গুৱাহাটী, ২৪ জুলাই : ৰাজ্যত দৈনিক বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা (Cyber crime increased in Assam)। ইতিমধ্য়ে চাইবাৰ অপৰাধীয়ে পেলোৱা জালত ভৰি দি বহু লোকে গাঠিৰ ধন হেৰুৱাইছে । বিশেষকৈ ক'ভিডৰ পাছত ৰাজ্যত অধিক হাৰত বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা। ৰাজ্যত চাইবাৰ অপৰাধীয়ে পেলোৱা জাল প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষীয়ে ব্যাপক সজাগতা তথা বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও দৈনিক এনে ঘটনা বৃদ্ধি পোৱাত সম্প্ৰতি সকলো উদ্বিগ্ন হৈছে।

২০২১ত ৩,৯৬২টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে বুলি অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে (Report of Crime Investigation Department of Assam Police)। ৰাজ্যত ২০১৫ চনত ৪৮৩ টা, ২০১৬ত ৬৯৬টা, ২০১৭ত ১,১২০টা, ২০১৮ত ২০২২টা আৰু ২০১৯ত ২,২৩১টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ত এই অপৰাধৰ ঘটনা ৩,৫৩০টালৈ বৃদ্ধি পাইছে ।

বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা এই অপৰাধী চক্ৰৰ চকু এতিয়া কেৱল বেংক নাইবা বিত্তীয় লেনদেনৰ ব্যৱস্থাত । আনহাতে, ৰাজ্যত সংঘটিত হৈ থকা এনে অপৰাধৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম আৰক্ষীয়ে মুকলি কৰা ট্ৰ'ল ফ্রী নম্বৰত যোৱা মাহকেইটাত এনে অপৰাধৰ বহু অভিযোগ দাখিল হৈছে য'ত গৰিষ্ঠসংখ্যক অভিযোগেই ফোনযোগে তথ্য প্ৰদান কৰা আৰু ইয়াৰ পাছতে সংশ্লিষ্ট অভিযোগকাৰীৰ বেংক একাউণ্টৰ পৰা জমা ধন অন্তৰ্ধান হোৱা ঘটনা । এনে অপৰাধ শেহতীয়াকৈ বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ কৰা তথ্য লাভ কৰিছে আৰক্ষীয়ে । সাম্প্ৰতিক সময়ত ৰাজ্যত সংঘটিত কেইবাটাও এনে অপৰাধ ঝাৰখণ্ডৰ পৰা নিয়ন্ত্ৰণ হৈছে । তদুপৰি ৰাজস্থানৰ পৰাও কিছু পৰিমাণে নিয়ন্ত্ৰণ হোৱাৰ তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাটোৱে । সম্প্ৰতি সংশ্লিষ্ট লোকে ব্যৱহাৰ কৰা প্ৰতিষ্ঠানৰ বিল পৰিশোধ, লটাৰীত নগদ ধনৰ পুৰস্কাৰ লাভ, বিদ্যুৎ বিল, অনলাইন যোগে সামগ্ৰী বিক্ৰী আদিৰ নতুন কৌশল প্রয়োগ কৰিছে চাইবাৰ অপৰাধী চক্ৰই।

উল্লেখ্য যে ৰাজ্যত দ্রুত হাৰত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ঘটনা নিয়ন্ত্ৰণ তথা ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে ১৯৩০ আৰু ১৫৫২৬০ দুটা ২৪ ঘণ্টাই উপলব্ধ হেল্প লাইন নম্বৰ মুকলি কৰিছে । বিত্তীয় চাইবাৰ প্ৰৱঞ্চকৰ কৱলত পৰা সকলে যাতে তাৎক্ষণিকভাৱে অভিযোগ দাখিল কৰিব পাৰে আৰু ক্ষীপ্ৰতাৰে বিভাগে ইয়াৰ তদন্ত কৰিবৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰা বুলি বিভাগীয় সূত্ৰই সদৰী কৰিছে । ইতিমধ্য়ে ইয়াৰ জৰিয়তে কেইবাজনো ভুক্তভোগীয়ে হেৰুওৱা ধন ওভতাই পাবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে কয় ।

লগতে পঢ়ক:Meghalaya brothel run by BJP leader : বিজেপি নেতাৰ ৰিজ’ৰ্টত চলিছে দেহ ব্যৱসায় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.