ETV Bharat / bharat

Meghalaya brothel run by BJP leader : বিজেপি নেতাৰ ৰিজ’ৰ্টত চলিছে দেহ ব্যৱসায় !

author img

By

Published : Jul 24, 2022, 12:50 PM IST

পশ্চিম গাৰো পাহাৰ জিলাত উগ্ৰপন্থীৰ পৰা ৰাজনীতিত ভৰিত থোৱা বাৰ্ণাৰ্ড মাৰাক ওৰফে ৰিম্পুৰ মালিকানাধীন ফাৰ্মহাউচ ৰিম্পু বাগানত আৰক্ষীৰ 8 ঘন্টীয়া অভিযান ৷ অভিযানত 5 নাবালক-নাবালিকাক উদ্ধাৰৰ লগতে ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Search team detained 73 People) ৷

meghalaya-brothel-run-by-bjp-leader-raided-5-children-rescued
বিজেপি নেতাৰ দ্বাৰা পৰিচালিত মেঘালয়ৰ 'পতিতালয়'ত অভিযান: ৫ শিশু উদ্ধাৰ, ৭৩ জন আটক

নিউজ ডেস্ক, 24 জুলাই : মেঘালয়ৰ তুৰাত শনিবাৰে মেঘালয় বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড এন মাৰাকে চলোৱা এখন ৰিজৰ্জ’টৰ পৰা পাঁচটি শিশুক উদ্ধাৰ কৰাৰ লগতে ৭৩ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰিজ’ৰ্টৰ নামত পতিতালয় চলোৱাৰ অভিযোগ মাৰাকৰ বিৰুদ্ধে ৷ বৰ্তমান বিজেপি নেতাগৰাকীয়ে এই অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগ উত্থাপন কৰে ।

এক গোপন সূত্ৰৰ ভিত্তিত জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল দলে পশ্চিম গাৰো পাহাৰ জিলাত উগ্ৰপন্থীৰ পৰা ৰাজনীতিত ভৰি থোৱা মাৰাক ওৰফে ৰিম্পুৰ মালিকানাধীন ফাৰ্মহাউচ ৰিম্পু বাগানত 8 ঘণ্টা ধৰি অভিযান চলায় ।

পশ্চিম গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ সিঙে জনোৱা মতে, ৰিম্পু বাগানৰ ৩০ টা কোঠাৰে গঠিত ডিংগি কেবিনৰ দৰে অস্বাস্থ্যকৰ কোঠাৰ ভিতৰত আৱদ্ধ হৈ থকা পাঁচজন নাবালক-নাবালিকাক আৰক্ষীয়ে উদ্ধাৰ কৰে । যাৰ ভিতৰত চাৰিজন নাবালক আৰু এগৰাকী নাবালিকা থকা বুলি জানিব পৰা গৈছে ৷

এই আটাইকেইটা শিশুক সুৰক্ষাৰ খাতিৰত আৰু আইন অনুসৰি পৰৱৰ্তী যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে জিলা শিশু সুৰক্ষা বিষয়াৰ হাতত অৰ্পণ কৰা হৈছে বুলিও তেওঁ কয় । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, কমপ্লেক্সটোত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ সন্দেহ কৰা হৈছে ।

আৰক্ষীৰ দলটোৱে কমপ্লেক্সটোৰ চৌহদত, কোঠাৰ ভিতৰত লগতে গাড়ীৰ ভিতৰত মুকলিকৈ মদ্যপান কৰি থকা অৱস্থাত বহু নাবালক-নাবালিকাক প্ৰত্যক্ষ কৰে । ইয়াৰে কিছু সংখ্যকক বিৱস্ত্ৰ অৱস্থাত আৰু কিছুসংখ্যকে খুব কম কাপোৰ পৰিধান কৰি গাড়ীৰ ভিতৰত বহি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে কেইটাক উদ্ধাৰ কৰে । সেই অনুসৰি অনুসন্ধানকাৰী দলটোৱে উক্ত স্থানৰ পৰা 73 জন লোকক আটক কৰিবলৈ সক্ষম হয় (Search team detained 73 People) । আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে, বহু সংখ্যকে নিশা এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

আৰক্ষীয়ে মেনেজাৰ, কেয়াৰটেকাৰ আৰু আন তিনিজন কৰ্মচাৰীক আটক কৰাৰ লগতে ৩৬ খন বাহন, ৪৭ টা ম'বাইল ফোন, ১,৬৮,২৬৮ মিলিলিটাৰ সুৰা, ৫০০ অব্যৱহৃত গৰ্ভনিৰোধক(কণ্ডম) আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ বিবৃতিটোত আৰু কোৱা হৈছে যে, ৰিম্পু বাগান কমপ্লেক্সত উদ্ধাৰ কৰা সামগ্ৰীৰ পৰা এয়াই প্ৰমাণ পোৱা গৈছে যে, গাৰো জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচিত সদস্য মাৰাক(Member of the Garo Tribal Autonomous District Council) আৰু তেওঁৰ সহযোগীসকলে দেহ ব্যৱসায়ৰ উদ্দেশ্যে এই ঠাইখন ‘পতিতালয়’ হিচাপে ব্যৱহাৰ কৰিছিল ।

মাৰকে এক বিবৃতিত ফাৰ্মহাউচত অভিযান চলোৱাৰ বাবে মুখ্যমন্ত্ৰী চাংমাক তীব্ৰ সমালোচনা কৰি 'পতিতালয়' চলোৱাৰ অভিযোগ অস্বীকাৰ কৰে । আৰক্ষীৰ পৰা হাত সাৰি থকা মাৰাকে দাবী কৰি কয়, ‘‘মুখ্যমন্ত্ৰী হতাশ হৈ পৰিছে কাৰণ তেওঁ জানে যে, তেওঁ নিজৰ দক্ষিণ তুৰাৰ আসন বিজেপিৰ হাতত হেৰুৱাইছে । মোৰ ফাৰ্ম হাউচত চলোৱা অভিযান মোৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আৰু এয়া হতাশজনক প্ৰচেষ্টা আৰু এক ৰাজনৈতিক প্ৰতিশোধ’’ ৷

ইফালে, মাৰাকে অভিযোগ উত্থাপন কৰি কয় যে, মেঘালয়ত যাতে বিজেপিয়ে এখন আসন লাভ নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজৰ সামৰ্থ অনুসৰি সকলো কৰিছে ৷ আনহাতে, আৰক্ষীৰ মতে, ভংগ হোৱা উগ্ৰপন্থী সংগঠন আচিক নেচনেল ভলেণ্টেৰী কাউন্সিল-বিৰ সেই সময়ৰ স্বয়ম্ভূ অধ্যক্ষ মাৰকৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে ২৫ টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু আছে ।

লগতে পঢ়ক : Smriti Irani daughter Bar controversy: কন্যাৰ অবৈধ বাৰ সম্পৰ্কীয় অভিযোগ অস্বীকাৰ স্মৃতি ইৰাণীৰ; ৰাহুল গান্ধীলৈ মুকলি প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.