ফাইনান্স কোম্পানীৰ এজেন্টৰ অতপালি, EMI নিদিয়াৰ বাবে প্ৰাণ হেৰুৱালে যুৱকে

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:03 AM IST

thumbnail

নগাঁও, 25 ডিচেম্বৰ : ফাইনান্স কোম্পানীক কিস্তিৰ ধন আদায় দিব নোৱাৰাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হ’ল নগাঁৱৰ এজন যুৱকে । বাইকৰ কিস্তিৰ ধন আদায় দিব নোৱাৰাৰ বাবে ফাইনান্স কোম্পানীৰ এজেন্টৰ এটা দলে দেওবাৰে বিয়লি খেদি খেদি যোৱাত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় যুৱকজনে ৷ মৃত যুৱকজন নগাঁৱৰ জাজৰিৰ মিনাজ আহমেদ বুলি জানিব পৰা গৈছে । 

যুৱকজনক ফাইনান্স কোম্পানীৰ এজেন্ট বাহিনীয়ে খেদি যোৱাৰ উপৰিও হেলমেটেৰে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে । যাৰ ফলত দুখনকৈ বাইক দুৰ্ঘটনাত পতিত হয়। এই দুর্ঘটনাটোত মিনাজ আহমেদ নিহত হোৱাৰ উপৰিও আহত হৈছে তিনিজনকৈ যুৱক। আহত কেইগৰাকী হ’ল ফাইজুদ্দিন আহমেদ, শ্বেখৰ সুমন বৰা আৰু অৰবাজ ৰহমান ৷ সম্প্ৰতি তিনিওজন যুৱক আহত হৈ মৃত্যুৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত মটৰ চাইকেল দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS02 AH 6164 আৰু AS02 AH 6173 ।

আহত যুৱককেইজন সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ফাইনান্স কোম্পানীটোৰ কোনো ৰিক’ভাৰী এজেন্টক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: গুৱাহাটীৰ দক্ষিণ কালাপাহাৰ বনাঞ্চলত চলিব উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.