ETV Bharat / state

গুৱাহাটীৰ দক্ষিণ কালাপাহাৰ বনাঞ্চলত চলিব উচ্ছেদ অভিযান

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:08 PM IST

Guwahati Land Patta: উচ্ছেদৰ সমান্তৰালকৈ গুৱাহাটীৰ পাহাৰত বসবাস লোকসকলক চৰ্ত সাপেক্ষে ভূমিৰ পট্টা দিয়া হ’ব । দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ ৰায় বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

South Kalapahar forest
দক্ষিণ কালাপাহাৰ বনাঞ্চল

গুৱাহাটী, ২৪ ডিচেম্বৰঃ গুৱাহাটীৰ পাহাৰত বসবাস লোকসকলক চৰকাৰে চৰ্ত সাপেক্ষে ভূমিৰ পট্টা দিব । সমান্তৰালকৈ উচ্ছেদো চলিব গুৱাহাটীৰ পাহাৰত । উল্লেখ্য যে গুৱাহাটীৰ দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ ৰায় বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

ডব্লিউ এ ৪৪৬/২০২৩ নম্বৰৰ এখন লেখ আবেদনৰ শুনানিত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে পূৰ্বে দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে এজনীয়া বিচাৰপীঠে দিয়া ৰায় বাহাল ৰাখিছে । অৱশ্যে উচ্ছেদৰ পূৰ্বে নিৰ্ধাৰিত বিধি-ব্যৱস্থাৰ অধীনত ভূমি আবণ্টন বিচাৰি চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত লোকসকলক আবেদন কৰাৰ সুযোগ প্ৰদান কৰিছে ন্যায়ালয়ে ।

উল্লেখ্য যে দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলত ২০০২ চনত চৰকাৰ, প্ৰশাসনে এক উচ্ছেদ অভিযান চলাইছিল । এনে উচ্ছেদ অভিযানৰ প্ৰত্যাহ্বান জনাই কেবাজনো লোকে পৃথকৰ পৃথকে উক্ত ন্যায়ালয়ত লেখ আবেদন কৰে । এই লেখ আবেদনসমূহৰ ভিত্তিত দীর্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত এক ৰায় প্রদান কৰে ।

ৰায়দান কালত উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে প্ৰত্যক্ষ কৰে যে গোচৰীয়া কেবাজনো লোকে যি ভূমি দখল কৰি আছে, সেয়া সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত । এনে দিশৰ পৰা গোচৰীয়া লোকসকলক উচ্ছেদ কৰাৰ বাবে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছিল । অৱশ্যে ন্যায়ালয়ে লোকসকলক দাখিল কৰা স্থানৰ পৰা আঁতৰি যোৱাৰ বাবে ৯০ দিনৰ সময় প্ৰদান কৰে ।

একেদৰে চৰকাৰী ভূমিত বসবাস কৰা আন একাংশ লোককো ভূমি বন্দোবস্তিৰ বাবে চৰকাৰৰ ওচৰত ৩০ দিনৰ ভিতৰত আবেদনৰ সুযোগ প্ৰদান কৰে । তেওঁলোকে দাখিল কৰা আবেদনসমূহ সিদ্ধান্ত নকৰা পৰ্যন্ত উচ্ছেদ কৰিব নোৱাৰিব বুলি ন্যায়ালয়ে নিৰ্দেশনাত স্পষ্ট কৰি দিছে ।

উল্লেখ্য যে এজনীয়া বিচাৰপীঠে প্ৰদান কৰা ৰায়ক প্ৰত্যাহ্বান জনাই ৰত্নেশ্বৰ কলিতাসহ ৯ জন লোকে পুনৰ উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে । কিন্তু উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰত পূৰ্বে এজনীয়া বিচাৰপীঠে দিয়া উচ্ছেদৰ ৰায় বাহাল ৰাখে ।

অৱশ্যে গোচৰীয়া লোকসকলক আবেদনৰ সুযোগ প্ৰদান কৰি ন্যায়ালয়ে কয় যে গোচৰীয়া লোকসকলে ব্যক্তিগতভাৱে ভূমি আৱণ্টন বিচাৰি সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত ২৮ ডিচেম্বৰ বা তাৰ পূৰ্বে আবেদন জনাব পাৰিব ।

যদি লোকসকলে নিৰ্ধাৰিত এই সময়ৰ ভিতৰত আবেদন জনায় তেন্তে কৰ্তৃপক্ষই ৬০ দিনৰ ভিতৰত অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত সেয়া নিষ্পত্তি কৰিব লাগিব । একেদৰে ২৮ ডিচেম্বৰৰ ভিতৰত যদি কোনো লোকে আবেদনত ব্যর্থ হয় তেন্তে সংশ্লিষ্ট লোকজনে তেওঁৰ দখলত থকা সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰিব লাগিব ।

ইয়াৰোপৰি যিসকলে ২৮ ডিচেম্বৰৰ ভিতৰত ভূমি আবণ্টনৰ বাবে আবেদন জনায় তেওঁলোকৰ বিৰুদ্ধে পৰৱর্তী ৬০ দিন অর্থাৎ ২৮ ফেব্ৰুৱাৰী পর্যন্ত কোনো ব্যৱস্থা চৰকাৰী কৰ্তৃপক্ষই ল'ব নোৱাৰিব ।

শুনানি কালত খণ্ড বিচাৰপীঠেখনে কয় যে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত যি ৰায় প্ৰদান কৰিছিল সেয়া বাহাল থাকিব । আদালতত বন বিভাগৰ হৈ যুক্তি দৰ্শাই অতিৰিক্ত মহাধিবক্তা পৰাংগম গোস্বামীয়ে ।

লগতে পঢ়ক: ষাঠি কোটি টকাৰে কেইবাটাও আৱৰ্ত ভৱন হ’ব আধুনিকীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.