Yaba Tablets seized : প্ৰায় 4 কোটি টকাৰ নিচাজাতীয় টেবলেটসহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী

By

Published : May 15, 2023, 9:57 AM IST

thumbnail

কৰিমগঞ্জ, 15 মে’ : ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰক্ষীয়ে ৷ দেওবাৰে কাছাৰ আৰক্ষীয়ে শিলচৰৰ বাগাধৰৰ পৰা বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । এই ড্ৰাগছ বিৰোধী অভিযানত 40 হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে আৰক্ষীয়ে দুটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰৰ বাগাধৰত শনিবাৰৰ নিশা দুজন চোৰাং ব্যৱসায়ীৰ ঘৰত তালাচী চলাই এই 40 হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় (Yaba Tablets seized in Cacher) ।

কাছাৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য 4 কোটি টকাতকৈও অধিক হ’ব । গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম ছাৰুল ইছলাম মজুমদাৰ আৰু সমীৰ হুছেইন লস্কৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । আৰক্ষী অধীক্ষকগৰাকীয়ে ধৃত দুজনে দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আহিছে বুলি উল্লেখ কৰে (2 drug peddlers arrested in Cacher) । আৰক্ষীয়ে দুইটাকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে (Anti drugs mission in Assam) । 

লগতে পঢ়ক : Protest Against Drugs: ড্ৰাগছৰ বিৰোধিতাৰে ডুমডুমা থানা ঘেৰাও কৰি মহিলাৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.