Burmese Supari Seized: খটখটীত লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি জব্দ

By

Published : Nov 5, 2022, 7:47 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

কাৰ্বি আংলং জিলাৰ খটখটীৰ মাজেৰে সৰবৰাহ হৈ থকা বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে নিশা জিলাখনৰ খটখটী থানাৰ আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে (Burmese Supari Seized)৷ প্ৰাপ্ত তথ্য অনুসৰি, যোৱানিশা খটখটী থানাৰ আৰক্ষীয়ে নিয়মীয়া তালাচীত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এইছ আৰ-৬৯-চি-০৫৭৯ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই ৬৩ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে (Burmese Supari Seized at Khatkhati) ৷ প্ৰায় ৪৮০০ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Worth lakhs rupees Burmese Supari Seized ) ৷ চুপাৰিখিনি ট্ৰাকখনৰ কাৰ্টনৰ স্ক্ৰেপৰ তলত কৌশলেৰে লুকুৱাই অনা হৈছিল ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হাৰিয়ানাৰ বিজয় নামৰ ট্ৰাক চালকজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.