Arunodoi scheme corruption: অৰুণোদয় আঁচনিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ ভুক্তভোগী মহিলা

By

Published : Apr 25, 2023, 1:02 AM IST

thumbnail

যোৰহাট, 24 এপ্ৰিল : তিতাবৰত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰী চলিছে ৷ ৰাজ্য চৰকাৰে যোগ্যজনৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে । ৰাজ্য চৰকাৰে দৰিদ্ৰ মহিলা সকলৰ বাবে গ্ৰহণ কৰাৰ অৰুণোদয় আঁচনিত এইবাৰ স্বজন তোষণ নীতিৰে ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (arunodoi scheme corruption in Titabor) ।

দুৰ্নীতি তথা যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ তুলি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ উন্নয়ন খণ্ড ও আঞ্চলিক পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰিলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই । নিৰ্বাচিত হিতাধিকাৰী নাম কৰ্তন কৰি একাংশ অযোগ্য প্ৰাৰ্থীক অন্তৰ্ভুক্ত কৰি এখন নতুন তালিকা প্ৰকাশ কৰাক লৈ বঞ্চিত মহিলা সকলৰ লগতে খোদ পঞ্চায়তটোৰ সভানেত্ৰী প্ৰিয়ংকা ফুকনেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Arunodoi scheme corruption) ।

সভানেত্ৰীগৰাকীৰ স্বাক্ষৰ নোহোৱা লগতে যোগ্য ব্যক্তিক বঞ্চিত কৰি নতুন তালিকা কোনে প্ৰকাশ কৰি উলিয়াইছে তাৰ তদন্ত বিচাৰিছে পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে । অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত অৰ্ধঃ শতাধিক মহিলাই তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয়ত সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৌহদ উত্তাল কৰি তোলে ।

তাৎপৰ্যপূৰ্ণ যে, যোগ্য হিতাধিকাৰী বিকলাংগ, বিধৱা মহিলা আৰু অবিবাহিতা মহিলা সন্নিৱিষ্ট তালিকা খোদ গাঁও সভাত পঞ্চায়ত সভানেত্ৰীৰ উপস্থিতিত স্বাক্ষৰিত অনুমোদন হোৱাৰ পিচত উন্নয়ন খণ্ডত কাৰ প্ৰভাৱত অযোগ্য হিতাধিকাৰীৰ অন্য এখন তালিকা প্ৰকাশ পালে সেয়া এক ৰহস্যজনক বিষয় । উক্ত তালিকাখনেই প্ৰমাণ কৰিলে যে তিতাবৰ উন্নয়ন খণ্ডত অৰুণোদয় আঁচনিৰ নামত সংঘটিত কেলেংকাৰীৰ প্ৰকৃত ছবিখন । অৰুণোদয় আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ সাহস কৰিব নে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে, সেয়া সময়তহে লক্ষ্যণীয় হৈ পৰিব ।

লগতে পঢ়ক : Pravin Togadia controversial statement: মুছলমানৰ জনসংখ্যা বৃদ্ধি এটা টাইম বোমাৰ সংকেতৰ দৰে; টোগাৰীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.