Women self help group shop : প্ৰথমবাৰৰ বাবে ৰঙিয়া ৰে’ল ষ্টেচনত মহিলা আত্মসহায়ক গোটৰ বিপণি মুকলি

By

Published : May 26, 2023, 10:46 PM IST

thumbnail

ৰঙিয়া, 26 মে’ : শুক্ৰবাৰে প্ৰথমবাৰৰ বাবে ৰঙিয়া ৰে’লৱে ষ্টেচনত মহিলা আত্মসহায়ক গোটৰ এখন বিপণি মুকলি কৰা হয় (Women self help group shop open at Rangia station) । বিপণিখন আনুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে (Kamrup DC inaugurated Women self help group shop) । ৰঙিয়া জংচনৰ এক নম্বৰ প্লেটফৰ্মত থকা কামৰূপ জিলাৰ এনে ধৰণৰ প্ৰথমখন বিপণিখনত হাতে বোৱা মেখেলা চাদৰ, গামোচা, জাপি, গৃহ সজ্জাৰ বিভিন্ন সামগ্ৰী, গৃহিনীসকলে নিজ হাতে বনোৱা লাড়ু-পিঠাকে আদি কৰি বিভিন্ন থলুৱা সামগ্ৰী উপলব্ধ হ’ব ।

ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আৰম্ভ কৰা বিপনিখন উদ্বোধন কৰে কামৰূপ জিলাৰ উপায়ুক্তগৰাকীয়ে ৷ তেওঁ কয় যে মহিলা সৱলীকৰণৰ দিশত এয়া এক সৱল পদক্ষেপ । আগন্তুক সময়ত ৰঙিয়া ৰে’ল ষ্টেচনৰ লগতে আন আন ৰে’ল ষ্টেচনত এনেধৰণৰ আৰু বিপণি মুকলি কৰা হ’ব ৷ আনকি কোনোধৰণৰ মধ্যভোগী নোহোৱাকৈ গ্ৰাহকক পোনপটীয়াকৈ সামগ্ৰী বিক্ৰী কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে গ্ৰহকসকলো যথেষ্ট লাভৱান্বিত হ’ব বুলি মন্তব্য কৰে কামৰূপ জিলাৰ উপায়ুক্তগৰাকীয়ে ৷

এই অনুষ্ঠানৰ শেষত উপায়ুক্তগৰাকীয়ে ৰে’ল বিভাগকো কৃতজ্ঞতা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত ৰঙিয়াৰ মহকুমাধিপতি দিপন বৰ্মণ, ৰঙিয়া ৰে’ল সংমণ্ডলৰ মাণ্ডলীক বাণিজ্যিক প্ৰবন্ধক দীপাংকৰ গগৈ, ৰঙিয়া ষ্টেচনৰ অধীক্ষক মৃণ্ময় শৰ্মা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰঙিয়া খণ্ড প্ৰকল্প বিষয়া সংযুক্তা ৰাজখোৱা আদিকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : SI Junmoni Rabha death case : SI জোনমণিৰ মৃত্যু পাচত চৰম নিৰাপত্তা হীনতাত ভুগিছে হাচিনা বেগমে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.